সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান ৷ অচিন ফুলনি বাৰী আচহুৱা ঠাই কেউফালে বাট-ঘাট নাই ৷ ফুলৰ পাহিটি লই, বাৰে বাৰে চাই মনে মনে ভাবিছো খন্তেক, 00 সোমালো কেনিবা মই যাও কোন পিনে চিন্তা সোঁত উঠিল অনেক। হঠাতে দেখিলো আহা ! চকুৰ আগতে দিপলিপ, গাভৰু এজনী, পুৰণি চিনাকি পাই অচিনা খলত মাৰ গ'ল বুকুৰ কঁপনি । কওঁ বুলি কিবা হায় ! মুখ মেলোতেই চকুজুৰি মেল খাই গ'ল, গহীন নিজম নিশা অঞ্চলে পাটীত সপোন কুঁৱৰী গুচি গ'ল ।