এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ 87 তুমি যে নাহিলা সোণ, কিয়নো পিন্ধিম পাতল ৰিহা, উন্নত বুকুৰ জেউতি চ'ৰাই ? কিয়নো পিন্ধিম মুগাৰ মেখেলা, শুভ্ৰ শৰীৰৰ সৌন্দৰ্য বঢ়াই ? মোৰ আদৰ বুজিব কোন ? তুমি যে নাহিলা সোণ ; আঁজলি ভৰাই শেৱালীৰ ফুল, কিয়নো পুরাতে আনিম বুতলি ; কালৈকে গাঁঠিৰ মালাধাৰি নই, নাই তুমি মোৰ প্ৰাণৰ পুতলি ? মোৰ আদৰ বুজিব কোন ? তুমি যে নাহিলা সোণ ; কান্দি মৰে হিয়া যোৰ তোমাৰ কাৰণে,