এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ ৩৭ ... প্ৰাণৰ কথা । কতবাৰ জুমি চাওঁ স্মৃতিৰ পটত তাঁহো তাঁহে| কৰি থকা তোমাৰ মুখনি, আকোৱালি লই থাকে৷ বুকুৰ মাজত - চঞ্চলা চপলা মায়াৰ প্ৰতিমা খনি ! আকাশত ভাহি ফুৰে শুকুলা ভাৱৰ শৰতৰ অনাবিল স্নিগ্ধ জোনাকত, চকুলোৰে তিতি যায় গাৰুৰ গিলিপ পৰাণ দগধ হয় তোমাৰ ভাৱত ! শেষ হ'ল আজি সেই শৰতৰ নিশা শেৱালিটি পৰি বা ডুবৰি বনত, ৰ সুখৰ সপোন মোৰ তেনেই ভাগিল নাপাওঁ বিচাৰি পানী মৰু জগতত ৷