সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান। তুমি আহিছিলা সেই শৰতৰ নিশা কাকনো বিচাৰি সোণ ! আহিছিলা কিয় গুচি গ'লা কিয় একোকে নকলা চোন ? তুমি গুচি গলা সোণ ! মই বলো একেথৰে চাই, গালেমুখে এফেৰি জোনাক জোনবায়ে দিলে ছটিয়াই । তুমি মিলি গ'লা দিগন্তৰ স'তে নীলা নীলা মেঘৰ লগত, মই পৰি ৰ'লো কান্দো কান্দো হই বসুধাৰ বহল বুকত । ৩৩