এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ 2१ তটিনী । পাষাণৰ হিয়া ভেটি সজল তটিনী অফুট ভাষাৰে টানি গীতৰ ৰাগিনী। ভৈছ মেদি বই যায় কুলু কুলু, ধ্বনি, কদাপি নাচায় ঘূৰি কাৰো কথা শুনি। প্রেমিক প্রেমিকা আহি তটিনী পাবত কত কথা ভাঙ্গে পাতে দুয়োৰো মাজত ; কত শূন্য হুমুনিয়াহ কাঢ়ে বেজাৰত, সকলোকে তটিনীয়ে সামৰে বুকত । কতজনে জাগতিক ব্যর্থ প্রয়াস্ত, নোৱাৰি সহিব দুঃখ ইহ জগতত ; ডুব দিয়ে তটিনীৰ পূত সলিলত, পাঁঠা আছে ভটিনীৰ কোমল বুকড।