এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
२२ প্ৰাণৰ গান ৷ ওঁঠত মধুৰ কাঁহি, যেন গোলাপৰ পাহি; নাজানিলোঁ কিহৰ ভাৱনা লই আহিছিল৷ তুমি মোৰ কাষলই । যৌবন যমুনা মোর বইছিল কলকল,, পাই ভয় দৰ্শন উথলি উঠিল চল। ঊপচি পৰিল হৃদয়ৰ দুটি পাৰ, বহিল তটিনী স্রোত অনিবাৰ ৷ তোমাৰ চকুত কিহৰ ভাষা, তোমাৰ হৃদিত কিহৰ আশা : নোৱাৰি জানিব মই, থৰ লাগি চালো বই ; তুমি দেখো থোক নকলা এখাৰি কথা, নাই নেকি তযু পাষাণ প্রাণত বেঙ্গা ?