এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ বিকসিতা কমলিনী বিলৰ মাজত, কোন প্ৰেমিকৰ কথা শুনিছে মনত । অনন্ত বাসনা লুপ্ত বুকুৰ মাজত, বিকশিত হোৱা নাই কিহৰ লাজত ! স্বভাৱ সুন্দৰী ৰাণী প্ৰকৃতি জীয়ৰী, বিৰাজিতা সঙ্গীত জলৰ কুঁৱৰী । কিয় দিলে বিধাতাই পঙ্কত জনম, জগতৰ মনোমুগ্ধ কুসুম পৰম । মোহমুগ্ধ অলিকুল তযু পৰশত, সঘনে চুম্বন কৰে মুখ মণ্ডলত অস্ফুট ভাষাৰে গুঞ্জে হৃদি আবেগত গুণ গুণ, প্রতিধ্বনি উঠে বতাহত। প্রতিদ্বন্দী ভাবি ভানু প্ৰসাৰি কিৰণ, জৰিত কৰি তোলে সব অলিগণ ।