এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান । কিয় আজি মাতে অহিনী নিয়তী এনেকৈ পুৱতী নিশা, জানো কিবা হ'ল প্ৰাণৰ প্ৰিয়ৰ নাপাওঁতো নই দেখা। কিয় আজি ম্লান স্মৃতিৰ ছৱিটি হৃদয়ত আঁকি ৰখা, নগৰে মনত প্ৰিমৰ মুখৰ মিচিকিয়৷ তাঁহি-ৰেণা ! কিয় এনে দৰে আহোঁ বুলি গই নাহিল দেখোন আৰু, বাবৰ পৰৰ আকুল প্রার্থনা আছেনে বাৰু ? য'তে আছে তেওঁ থাক'ক সুখেৰে প্ৰিয় সখি অতীতৰ,