পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। দৰং জিলাৰ বিশ্বনাথৰ ওচৰত প্ৰতাপগড় নামে এটা প্ৰকাণ্ড গড় আছে; ইয়াৰ ভিতৰত আজি কালি এখন ডাঙৰ চাহ বাগিছা হৈছে। এই গড় নাগশঙ্কৰ ৰজাৰ বুলি বুৰঞ্জীত উল্লেখ আছে। কিন্তু কিছুমানৰ বিশ্বাস প্ৰতাপগড় প্ৰতাপ ভূঞাই মাৰিছিল বুলি। অমাৰ মনে নাগঙ্কৰ বা নাগশঙ্কৰৰ গড়নৰ ভিতৰত প্ৰতাপ ভূঞাই বাস কৰা বাবে তাৰ নাম প্ৰতাপগড় হোৱা সম্ভৱ। প্ৰতাপৰায় ভূঞা সম্বন্ধে সূৰ্যখড়িয়ে দৰঙ্গ ৰাজ বংশাৱলীত লিখিছে- পৰতাপ যাৰ নাম ৰূপে গুণে অনুপম সমস্ত ভূঞাত শ্ৰেষ্ঠত্তৰ। মহা পৰাক্ৰমী বীৰ গহীন গম্ভীৰ বীৰ পাণ্ডুনাথে ভৈলা যাৰ ঘৰ। তাহাৰ কনিষ্ঠ ভাই বলে যেন গজৰায় মান কৰে ব্ৰহ্মপুত্ৰ জলে। শিৱৰ নন্দনে * যাই সেহি সময়তে পাই তথাতে মাৰিল! বাহুবলে। ভাতৃ মৰিবাক দেখি প্ৰতাপ হইল দুখী মন দুখে কৰিলা ক্ৰন্দন। হাঁ হাঁ মোৰ প্ৰাণ ভাই এৰি গৈলা কোন ঠাই কিনো মোৰ বিধি বিড়ম্বন। হৰিক চিন্তিয়া পাছে যত দ্ৰব্য বস্তু আছে নৌকাত আনিয়া ভৰা দিল। আপোনাৰ সৈন্য যত সোমাইলেক অসমত আপুনিও তাঁথতে চলি॥১২২ ইয়াৰ কিছুদিন পাছত নৰনাৰায়ণ ৰজা হয় আৰু চিলাৰায়ে দেশ জয় কৰি ফুৰে। দেশ জয় কৰি কৰোঁতে চিলাৰায় গৌডত বলা হয়। সেই সময়তে প্ৰতাপ ভূঞাৰ পুৰোহিত তীৰ্থ পৰ্যটন কৰি গৌড় পাইছিল। চিলাৰায়ৰ বন্দী অৱস্থাত বৰ পিয়াহ লগাত পানী পোৱা নাছিল; প্ৰতাপ ভূঞাৰ পুৰোহিতে কেনেবাকে জানিব পাৰি বন্দীশালত গৈ চিলাৰায়ক পানী দিয়ে :- তৃষয়ে পীড়িত হুয়া জল খুজিলন্ত। ভয়ত থাকিয়া কেহো জল নেদিলন্ত॥৫০৭ প্ৰতাপ ভূঞাৰ পুৰোহিত বিপ্ৰ এক। তাম্ৰৰ ঘটত জল দিলন্ত প্ৰত্যেক। সেহি জল পানে ৰজা সন্তোবিত ভৈলা। বিপ্ৰক সম্বোধি বাক্য বুলিবাক লৈল।

  • বিশ্বসিংহ।