পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ কায় সাজৰ ইতিবৃত। ১ লোহাবৰ ভূঞা—চণ্ডিবৰভূঞা দ্বিতীয়বাৰ কমতা ৰাজ্যক আহোতে অঙ্গ অন্ত বিলাকৰসৈতে চণ্ডিবৰৰ লগত আহি বাৰভূঞাবিলাকৰ ভিতৰত এজন ভূঞা ৰূপে কমতাপুৰত অবস্থান কৰে। ২৷ কুমাৰঘোষ-ক্ষেনবংশী ৰজা দুৰ্লভ নাৰায়ণৰ মৃত্যুৰ পিচত ১৪ শতিকাৰ শেষ ভাগত কম ৰাৰ এক অংশ ৰাজ্যত এৱো এজন স্বতন্ত্ৰ ৰা বুলি পৰিচিত হৈছিল। এওঁ হুচেন ছাহৰদ্বাৰা পঞ্জিত ৩ খাবৰ-এওঁৰ পিতাক কুমাৰঘোক হুচেনচাহে পৰাজিত কৰি বধ কৰাৰ পিচত, তেওঁ পিতৃ ৰাজ্যৰ পৰা কামৰূপ জিলাৰ খাতা পৰগণালৈ পলাই আহে আৰু ইয়াত তেওঁ ভূঞা হয়। এওঁৰ অন্য এটা নাম থানেশ্বৰ ভূঞা। এই বংশ প্ৰকৃততে ‘শাণ্ডিল্য” গোত্ৰৰ আছিল; কিন্তু পলাই খাতাক অহাৰ পিচত মুছলমানৰ ভয়ত নিজৰ গোত্ৰ লুকাই ইয়াত “কাশ্যপ” গোত্ৰ বুলি পৰিচয় দিয়ে। তেতিয়াও পৰা এই বংশৰ লোকসকলে কাশ্যপ গোত্ৰৰ লোক বুলি পৰিচয় দি আহিছে। ইন্দ্ৰজিত ভুঞা বা ৰত্নাকৰ চৌধাৰী-এওঁ বাদচাহৰ অধীনে চৌধাৰী বিষয় লয়। এওঁৰ অনেক দিন সন্তান নোহোৱাত মনত বৈৰাগ আহি কিছুমান সম্পত্তি দান দক্ষিণা কৰি দশভূজা প্ৰতিমা এখন গত বাকী সম্পত্তি এটা কুৱাত পুতি তেওঁ বৈৰাগী হৈ যাব ওলাইছিল; এনেতে কৈহাটী সত্ৰৰ গোসাই এজনে তেওঁৰ ঘৰলৈ যাই তেওঁত দান খোজাত তেওঁ নিজৰ শৰীৰটো বাদে অন্য সম্পত্তি নাই বুলি কোৱাত উক্ত গোসাই তেওঁৰ শৰীৰটোকে খোজাত তেওঁ সেই মতে স্বীকৃত হৈছিল। তাৰ পিচ ৩ উক্ত গোসই উক্ত চৌধাৰীৰ শৰীটো তেওঁৰ স্বত্বৰ হোৱা বুলি কৈ তেওঁক শক্তৰপৰা বৈষ্ণৱ মন্ত্ৰে দীক্ষিত বৰে। এবং পুনঃ গৃহস্থি কৰিবলৈ কোৱাত গৃহী হৈ থাকে। প্ৰকাশ থাকে যে এওঁৰ ঘৰ ধৰ্মপুৰ মৌচাৰ বড়ী নামক গাৱত আছিল। এওঁ বৈষ্ণব মন্ত্ৰে দীক্ষিত হোৱাৰ পূৰ্বক্ষণ পৰ্যন্ত এই বংশ শক্ত আছিল। এওঁৱেই এই বংশত পহিলা বৈষ্ণব মন্ত্ৰ গ্ৰহণ কৰে আৰু খাতা পৰগণাৰ পহিলা চৌধাৰী হয়। বজনাৰায়ণ-এওঁ আহোম ৰজাৰ দিনত খাতা পৰগণাৰ চৌধাৰী আছিল। এওঁৰ পূৰ্ব পুৰুষসকল বডিৰ পৰা অহাৰ পিচৰে পৰা এওঁৰ দিনলৈ মালীকুছিতে বসতি কৰি আছিল। পিছত এদিন এই গাবৰ উত্তৰ ফালে থকা খাতাবাৰী গোবিন্দপুৰ গাৱৰ মাজেৰে তেওঁৰ পৰগণালৈ যাব ধৰাত তেওঁ দেখলে যে এঠাইত এটা ডাঙৰ বামুণ ভকলাই এটি গেম সাপ খাব ধৰিছে। তাকে দেখি এই মাটি ও বসতি কৰিলে ভাল হব বুলি তেওঁ বিশ্বাস কৰি কথিত মালকুচি গাৱৰপৰা এই গাৱলৈ উঠি আহি স্বীয় শিবসিংহ ৰজাৰ পৰা ১৬৬৪ শকত এই গাওঁখন লাখেৰাজ ধৰ্মোত্তৰ স্বৰূপে পাইছিল (তাৰ ফলিৰ নক তলত দিয়া হল) আৰু এই ধৰ্মোত্তৰৰ ভিতৰত ৰাজ আদেশ মতে এখন সৎসঙ্গী সত্ৰ স্থাপন কৰিবলৈ ১৮ সাত পোৱা ভকত পায় আৰু পদ্মনাভ নামে এটি বিগ্ৰহ স্থাপন কৰে। এৱেই এই সূত্ৰ ১ মেধিও।