পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। শ্ৰীমাধৱদেৱ পুৰুষে পুৰুষোত্তম ঠাকুৰক আচাৰ্য পদ দান কৰে। আচাৰ্য পাতাৰ দিনা গুৰুৱে সমাজত এইদৰে কয় :- “কোন এক গৃহস্থৰ চতুৰ চাকৰ আছে পুত্ৰজন ভৈলা বোবা প্ৰায়। নাতি একেটিবা আছে সিয়ো অতি শিশুমতি গৃহধন ৰাখন ন্যায়॥৩০১ হেন মনে চিন্তি পাচে গৃহস্থে বুলিল। বাণী চাকৰৰ হাতত ধৰিয়া। পুত্ৰে একো নানয় নাতি মোৰ শিশুমতি গৃহধন থাকিব! ৰাখিয়া। সমৰ্থ ভৈলেক যেবে নাতি মোৰ সুবলিত তেবে শোধাই দিয়া সৰ্বস্বক। হেনয় বচন পাছে। চাকৰক শিক্ষা দিয়া গৃহস্থ ভৈলেক পৰলোক। সেহি মতে ময়ো জানা শঙ্কৰৰ অনুচৰ সৰ্বক আছোহে ৰাখিয়া। শঙ্কৰৰ মহ। ধৰ্ম সৰ্বক আজি ধৰি ঠাকুক দিলো নিবেদিয়া। জাপি লাঠি কৰঙ্গাৰ কণ্ঠ মোৰ অধিকাৰ ভূঞ্জিববাহে মই ভিক্ষা কৰি। তুমি সবে আমাৰ কেহ বাক্য নলঘিবা থাকিবা ঠাকুৰ বাক্য ধৰি। শ্ৰীপুৰুষোত্তম সন্ত দাতাৱ গুণৱন্ত। অগাধ পণ্ডিত জানিবাহা। শঙ্কৰৰ নাতি আৰু দ্বিতীয় শঙ্কৰ বুলি সবেও ভকতে মানিবাহ।” (দ্বিজ) হৰিনাৰায়ণ—ঠাকুৰ চৰিত। দ্বিজ বিদ্যানন্দ কৃত ‘ঠাকুৰ চৰিত্ৰৰ পৰা জনা যায় ঢাকা নবাবৰ সেনাপতি সত্ৰাজিতে পৰীক্ষিতক ৰণত হৰুৱাই বন্দী কৰি লৈ যোৱাৰ পাচত পুৰুষোত্তম ঠাকুৰ বৰনগৰক যায়। তেতিয়া পৰীতিৰ পত্নী। সকলে আৰু কুমাৰ ৰূপনাৰায়ণে ঠাকুৰৰ ওচৰত শৰণ লয়। এই চৰিতৰ পৰা জনা যায় সেনাপতি সত্ৰাজিতেও ঠাকুৰৰপৰা নাম-ধৰ্ম গ্ৰহণ কৰে। ঠাকুৰ বৰনগৰৰ পৰা আহি পাটবাউসীত কিছুদিন থাকে; তাৰ পাচত জমিয়াত আহি বাস কৰে:- “ দশনে পাপ হবে আছে মহা গুণ। অধ্যাপি প্ৰশংসে আক পণ্ডিত ব্ৰাহ্মণ।