এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰকাশকৰ বক্তব্য।
এই লৰাৰ পুথিখানি মোৰ বন্ধু ৰায় চাহাব শ্ৰীযুক্ত গোলাপচন্দ্ৰ বৰুৱাৰ পুত্ৰ শ্ৰীমান বিপীনচন্দ্ৰ বৰুৱা বি, এ, ই লিখি ৰাখিছিল। মই কথাবতৰাত জানিব পাৰিলোঁ যে তেওঁ আৰু কেইখনিমান পুথি লিখি ৰাখিছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই। আৰু বুঝিব পাৰিলোঁ যে লৰাৰ উপযোগী কিতাপ লিখাত তেওঁৰ কিছু বিশেষ শক্তি অৰু আগ্ৰহ আছে। কিন্তু উৎসাহৰ অভাৱত বাহিৰলৈ ওলাব পৰা নাই। ইয়াকে বুঝি মই যেনেতেনে এই পুথিখনি প্ৰকাশ কৰি দিবলৈ গাত ললোঁ। মোৰ এক মাথোন আশা যে তেওঁ যেন ইয়াৰ পাচত এখনি দুখনিকৈ আমাৰ লৰাছোৱালীৰ উপযোগী-কিতাপ-লিখা- কামত ধৰি যাব।
১৬ জুন, ১৯২৪। |