এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
প্ৰভাত ও গধুলি গোষ্ঠ।
পদ।
ৰজনী বিদুৰ দিশ ধাৱলি বৰণে।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণে॥
শত পত্ৰ বিকশিত ভোমোৰা উৰাই।
ব্ৰজ বধূ দধি মথে তুৱা গুণ গাই॥ ১
দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিলা বলৰাম॥
নন্দ গৈলা বাথানে গোৱাল গৈলা পাল।
সুৰভি চাৰিতে লাগে উঠৰে গোপাল॥ ২
খীৰ লৱনু লৈলা সিঙ্গা বেত বেনু।
সকালে মেলিয়ো গৈয়া হেম্বলায় ধেনু॥
কহয় মাধৱে মাই কিনোতপ সাইলি।
ত্ৰিজগতৰ পতি হৰি ৰাখোৱাল পাইলি॥ ৩
⸻
২য় দিহা।
যাদব উঠা ত্ৰিজগতৰ পতি। ( হে )
যাদব উঠা ত্ৰিজগতৰ পতি।
পদ।
পুহাইল ৰজনী উঠা যদুমণি
ৰজনী প্ৰসন্ন ভৈলা।