এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
প্ৰভাত ও গধুলি গোষ্ঠ।
শুকাই গৈল আত মুখে নামে মাত
গাৱৰ নাহি অৱস্থা।
কৰে ধুলা ধুল সৰি গৈলা চুল
লৰবৰ কৰে মাথা।
বীভৎস শৰীৰ আখি ঝৰে নীৰ
তিনি থান ভৈলা ভাগ।
কহয় মাধৱ সবেও মৰিব
তথাপি বুঢ়া সে আগ।
বলৰ মাজত থাকে আকাৰে শোভিত।
পবৰ্গৰ শেষ বৰ্ণ দক্ষিণেতে স্থিত॥
এনুৱা বন্ধু আমি কোথাই পাইব।
পঞ্চ বান ভঙ্গ কৰি পৰাণ ত্যজিব॥
দশৰথ পুত্ৰ নহে অঙ্গৰাজাৰ নাতি।
কৌশল্যাৰ পুত্ৰ নহে সীতাৰ পতি॥
ৰাৱণৰ শত্ৰু নহে লক্ষ্মণৰ জ্যেষ্ঠ।
কহে কবিকঙ্কণ হিয়ালিৰ শ্ৰেষ্ঠ॥
অন্ত।