এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
প্ৰভাত ও গধুলি গোষ্ঠ।
আয়ু আদি কৰি যত ধন জন
সব কাল চোৰে হৰে।
দেখি নেদেখস বুঢ়াক হাসস
চাৱাল কালতে মৰে।
যৌবন গৰ্ব্বক ঝাণ্টে পৰিহৰি
নামক লৈয়ো যতনে।
কালৰ হাতত বৃদ্ধ যুবা নাই
কহয় ৰাম চৰণে।
গীত। ৰাগ ভাটিয়ালী।
- বুঢ়া ভাই হৰি গুণ গাই নাচা।
- কোন দিন ধলি, শৰীৰ পৰয়, আৰ কিবা চাই আছা।
- বুঢ়া ভাই হৰি গুণ গাই নাচা।
পদ।
আয়ু দিলা ভাঠি হাতে নৈলা লাঠি
হান্ঠিতে নচলে পাৱ।
ভাঙ্গিল মাণ্ডলি আগ গৈলা ধলি
ধনু ফান্দ ভৈলা গাৱ॥
চাল শোটা শোট হাৰ গোটা গোট
কোটৰে লুকাইলা আখি।
তেজ মাংস বল গাৱতে শুকাইল
দেখিয়ো নপাৱা আখি॥