এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
প্ৰভাত ও গধুলি গোষ্ঠ।
কহয় মাধৱে, কৃষ্ণক সুমৰি,
এৰা সবে আন কাম।
কৃষ্ণৰ লীলাক, আনন্দে গাইয়া,
বোলা সবে ৰাম ৰাম॥
তৃতীয়।
ধুপ বাতি সৈতে কৃষ্ণ গৃহে পশি যাই।
ধেন বৎস বৃষভ বান্ধিলা ঠাই ঠাই॥
গধুলি গোধন বান্ধি ৰঙ্গে নাৰায়ণে।
স্নানিলা শীতল জলে পৰম যতনে॥
যশোদা কৃষ্ণক চাই আনন্দ লভিলা।
পিঠা পৰমান্ন আদি যতন কৰিলা॥
আসা আসা গৃহক দুৰ্লভ যদুমণি।
সোন-থালে অন্ন লই ডাকই জননী॥
আসিয়ো বান্ধব কৃষ্ণ নেত্ৰ ভৰি চাওঁ।
ধবল চোৱাৰে বিচি গৃহক যে নেওঁ॥
ভাগ্যবতী যশোদাই নানা ভক্তি ভাৱে।
সন্তোষি কৃষ্ণক আৰু কৃষ্ণ গুণ গাৱে॥
কৃষ্ণৰ দাসৰ দাস কহয় শঙ্কৰে।
গধুলি কৃষ্ণৰ লীলা শুনা সৰ্ব্ব নৰে॥
চতুৰ্থ।
গৃহে প্ৰবেশিয়া হৰি আসনে বসিলা।
তাঙ্ক ক্ষুধাতুৰ জানি যশোদা কহিলা॥