সমললৈ যাওক

পৃষ্ঠা:প্ৰভাত ও গধুলি গোষ্ট.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
প্ৰভাত ও গধুলি গোষ্ঠ।

(গধুলিৰ প্ৰসঙ্গ )

প্ৰথম—( ডাকা প্ৰণালী পুৱাৰ দৰে )
২য় প্ৰসঙ্গ।

আমাৰ বচন,  শুনা শিশুগণ,
 গধুলি সময় ভৈলা।
যত ধেনু বৎস,  সাম্বৰি আনাগৈ,
 সূৰ্য্য অস্তঙ্গত ভৈলা॥
গধুলি ও হল,  ধেনু বৎস লৈ,
 কিসক নাসিলা হৰি।
কদম্বৰ তলে,  ধেনু বৎস থৈই,
 খেলাইবে লাগিলা খেৰি॥
কানাই বোলয়,  দাদা বল ভাই,
 ঝাণ্ট কৰি তোলা খেলা।
গধুলি সময়,  উপস্থিত ভৈলা,
 ধেনু বৎস লৈয়া চলা॥
শঙ্খক বজান্ত,  সিঙ্গাক বজান্ত
 আৰু বজাৱন্ত বেনু।
আকাশে দুন্দুভি,  বজাৱে দেৱতা,
 চলি যায় ৰাম কানু।
গধুলি ধুসৰ,  অঙ্গৰ বৰণে,
 আগে চলি যায় ধেনু।