এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
প্ৰভাত ও গধুলি গোষ্ঠ।
ভজন গীত।
গুৰুদেৱ! অকূলে মৰণ মিলে।
ইকুল নভৈলো, সিকুল নভৈলো,
পৰিলো গভীৰ জলে।
(এহৰি এ) কিবা সুখ ভাবি এ মহী মণ্ডলে
আসিলো তোমাত আশে।
মায়া আবৰণে ভুলিলো চৰণে
বন্দী মহা নাগ পাশে॥
(এহৰি এ) জনমৰ পৰা, ক্ষুদ্ৰ পিপৰাৰ,
সংসাৰে বেহালো দেহা।
পূৰ্ব্ব সত্য এৰি, আতুৰ হে হৰি,
শুৱৰী মনত দিয়া॥
(এহৰি এ) কহে দীন হীন ধৰণী মোহন
জয় দামোদৰ বোলা।
তান বিনে কোন, আছে মোক্ষদাতা,
কাণ্ডাৰী নিদান বেলা॥
⸻
( দুপৰিয়াৰ প্ৰসঙ্গ )
( পুৱাৰ প্ৰসঙ্গৰ প্ৰথম দুইটী )
তৃতীয়।
সাস্ৰত উত্তম, গীতা ভাগবত,
ধৰ্ম্মত উত্তম নাম।