সমললৈ যাওক

পৃষ্ঠা:প্ৰভাত ও গধুলি গোষ্ট.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
প্ৰভাত ও গধুলি গোষ্ঠ।

২য়।

গোবিন্দ গোবিন্দ  গোবিন্দ গোবিন্দ
 গোবিন্দ ৰাম মুৰাৰি।
অনন্ত কোটি  ব্ৰহ্মাণ্ডৰ
 হৰি অধিকাৰী॥✷✷
গোবিন্দ ৰাম মুৰাৰি,  মুকুন্দ ৰাম মুৰাৰি
 ভকতি ৰোচন  দুঃখ বিমোচন
 ভকতৰ ভয় হাৰি।
 পৰম পুৰুষ  পৰম আনন্দ
 পৰম গুৰু মুৰাৰি।
 অনাদি অনন্ত  অচ্যুত গোবিন্দ
 ভকতৰ ভয় হাৰি॥
 জয় যাদব এ  মোৰে প্ৰাণ
 জীবেৰ জীবন নাৰায়ণ।
 ভকতৰ ধন প্ৰভু অৰুণ চৰণ॥✷✷

৩য়।

যাদব যদু নন্দন,  মাধৱ মধুসূদন এ
 তুমি নিত্য নিৰঞ্জন নাৰায়ণ
 তোমাত লৈলো শৰণ

পদ।

ইবাৰ কৰুণাময়  হৰি কমলাপতি
 মোকে নছাৰিবা নাৰায়ণ।