এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
প্ৰভাত ও গধুলি গোষ্ঠ।
ৰাতুল চৰণে ভকতি চন্দনে
দিয়া মন ফুল জুৰি॥
পুত্ৰ পৰিজন নহে চিৰদিন
মায়াৰ পুতলি জানা ( হে ৰাম ৰাম )
যন যাতনাক শুৱঁৰি মনত
বিশ্বাসে গুৰু মানা॥
কহয় ধৰণী কাৰ তুতি বাণী
নামমালা ধৰা গলে (হে ৰাম ৰাম)
ঊৰ্দ্ধ বাহু কৰি বোলা হৰি হৰি
আনন্দে স্বৰ্গ মিলে॥
⸻
নাম ডাকাৰ প্ৰণালী।
১ম।
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
কৃষ্ণ হৰে ৰাম হৰে ৰাম ৰাম ৰাম।
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ।
ৰাম কৃষ্ণ হৰে ৰাম হৰে ৰাম ৰাম ৰাম।
গোপাল গোবিন্দ হৰি গৰুৰে বাহন।
ৰাম কৃষ্ণ হৰে ৰাম হৰে ৰাম।
ৰাম ৰাম অনন্তে সহস্ৰ মুখে যাৰ লোৱে নাম প্ৰাণ।
কৃষ্ণ হৰে ৰাম হৰে ৰাম ৰাম।