এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯
প্রভাত ও গধুলি গোষ্ঠ ।
কৃষ্ণৰ আগত পৰি ব্ৰহ্মাদেৱ
ভৈলা যেন লোট সোট।
ভূমিত পৰিয়া বাগৰিবে লৈলা
সুবৰ্ণৰ তুম্ভ গোট॥
ভনিলা শঙ্কৰে কৃষ্ণ পদ স্মৰি
ব্ৰহ্মাৰ তুতি বচন।
কৰুণা সাগৰ চিন্তিয়ো কৃষ্ণক
সমাজিক যত জন॥
⸻
ভজন গীত।
দীন দয়াল হে কৰুণাময়
জনম গোৱালো বিফলে।
দিনে দিনে দিন যায় তনু ক্ষীণ
আৰ কি বাসনা মিলে॥
পদ।
কিবা তপসাই নৰ তনু পাই
জনম লভিলো আমি ( হে ৰাম ৰাম )
মানব আকাৰ ধৰা মাত্ৰ সাৰ
ভকতি নজানো স্বামী॥
গুৰু দামোদৰ ভকতি ভাণ্ডাৰ
কল্পতৰু সম শৰি ( হে ৰাম ৰাম )