এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
প্রভাত ও গধুলি গোষ্ঠ
৫ম দিহা।
সিঙ্গা ডাক দিলা নন্দেৰ নন্দন
বংশী ডাক দিলা ৰই।
সমস্ত শিশুয়ে গৃহৰ বাজ ভৈলা
গাৱে গাৱে ধেনু লই॥
আজি কোন পণ্ঠে যাইবা নাৰায়ণ
কোন পন্থে চাৰিবা ধেনু।
পন্থৰ ভাল মন্দ একোৱে নজানো
আগে চলা ৰাম কানু॥
যমুনাৰ বালি পায়া বনমালি
মেলিলন্ত ধেনু গাই।
সাৱলী ধাৱলী কপিলী কাজলী
দূৰক নযাইবা আই॥
যমুনাৰ বালি পায়া বনমালি
মেলিলন্ত দধি ভাত।
কেহো লৈলা হাতে কেহো লৈলা পাতে
কেহো লৈলা গামছাত॥
কুৰলি আকাৰে বালিত বসিয়া
মধ্য কৰি নন্দ সুত।
দাম সুদামে অন্ন বাতি দেই
দেখা কেনে অদভুত॥