পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৬৪)
মাতৃ সেৱাৰ ব্ৰতাচাৰী
 সমদলে জাগ জাগ
জীৱন যুজৰ মহা সম্বল
হিয়াৰ ভক্তি বাহুৰ বল
উল্লাসে ধৰণী টলেমল, বাজে দুন্দুভি ঢাক—
বলা ভাই সৱে ৰথী মহাৰথী
কৰমৰ মহা-সমুদ্ৰ মথি—
জননী জন্মভূমিৰ প্ৰতি জীৱন বঢ়াই আগ,
 আনিব লাগিব ভাগ-
শত আৱৰ্ত্তৰ প্ৰলয় ডাক
শত বজ্ৰৰ অনল আগ
শত দৈণ্যৰ দাৰুণ ভ্ৰুকুটি অমঙ্গল বাধা-হাক—
শত বিঘিনিৰ মাজেৰে হে বীৰ
 বাঢ়িব লাগিব আগ
মাতৃ পূজাৰ শত সম্ভাৰৰ
 আনিব লাগিব ভাগ-

আঘোন,
১৮৪৮ শক