পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(১২)

ভৰলু উতলা হল,
উপচি উঠিল  ফেন ফুটুকাৰ
 চিঞৰি আহিল ঢল;
উলাহ উথলি  আহিল উতলি
 হিয়াখনি টলমল
 সকলো পৰিল তল,
 ভৰলু উতলা হল।
বিয়পি পৰিল বহল পথাৰ
 আগুৰি আহিল পানী
 —দশো দিশ যায় ছানি।
তোৰ,—একণি বুকুৰ বেথা চেনেহতে
 জগত নধৰা হল।
বান্ধ ভাঙি ভাঙি  শিল খান্দি খান্দি
 পৰ্ব্বত খঁহাই,  গুহাই গুহাই
 ৰিং পাৰি অবিৰল
 ভৰলু উতলা হল।

⸺⸺

শাওণ,
১৮৫৩ শক