পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৮৭)

তুমি যে মোৰ মহাতীৰ্থ
 বাজে ই সুৰ অহৰ্নিশি,—
 জননী মোৰ জন্মভূমি স্বৰ্গাদপি গৰীয়সী!

দূৰ-দিগন্ত ভৰা তোমাৰ
 কত লীলা, কত গান!
কিহৰ দুখত দোঁৱাবা শিৰ,
 কিহৰ শোকত হবা স্নান?
প্ৰাগজ্যোতিষৰ কিৰণময়ী জিলিকিছে গৰিমা
কাম্য তুমি কামৰূপা।
 চিৰ-দীপ্ত মহিমা—
 চিৰ-স্নিগ্ধ সুষমা
 চেনেহী আই অসমা!
উচ্চ তোমাৰ শৈল শিখৰ,
 মূৰ্ত্ত মাৰুত, মুক্তাকাশ!
কিহৰ দুখত দোঁৱাবা শিৰ,
 কিহৰ শোকত হবা হ্ৰাস?
দীন হীনা হলেও মোৰ, চিৰ তীব্ৰ প্ৰেৰণা
তুমি যে মোৰ, অগ্নি-বীণা
 চিৰোত্তপ্ত চেতনা,—
 কৰুণ মৰ্ম্ম-বেদনা,—
 চেনেহী আই অসমা!

⸺⸺

ভাদ,
১৮৪৮ শক