পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৮৬)

গৌৰৱ-বাহিনী পুণ্য প্ৰৱাহিনী
 ভুৱন বিমোহিনী ৰাণী
 নমো ভাৰত, ভুৱন-ৰাণী!
তুষাৰাচ্ছন্ন হেমগিৰি দূৰ্গে
 তুচ্ছি মহাকাল যুগ-দুৰ্য্যোগে
উৰোৱা জয়ধ্বজা বিপ্লৱে সম্ভোগে প্ৰচাৰি মৰ্ম্ম-বাণী,
 ত্ৰিজগত-পূজিতা ৰাণী!
বক্ষ-বিগলিত গোদাবৰী-গঙ্গা
 প্ৰেম-পয়োধৰা পুণ্য-তৰঙ্গা,
সুৱৰ্ণ-মণ্ডিত স্নেহ-বিকম্পিত প্ৰসাৰি অঞ্চল খানি,
অনন্ত ধন-ধান বিতৰা জগত জুৰি, বিপুল-বৈভৱ-ৰাণী।
 চুম্বি চৰণ-তল সমুদ্ৰ কল-কল
 চৌদিশে যশোেগীতি নৰ্ত্তন অবিৰল,
সুবাসিত চঞ্চল সমীৰণ-হিল্লোল-আলোড়িত দিগন্ত খানি,—
হে প্ৰতিভাময়ী! হে গৰিমাময়ী! হে মহিমাময়ী ৰাণী!!

⸺⸺

শাওণ
১৮৪৪ শক