এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰজাপতি ]
[ ৩য় অ। ৩য় দৃ
৪১
গঙ্গা-জল আনিছোঁ, গয়া-জল আনিছোঁ, ঐ ৰাম,
আৰু জল আনিছো কাশী হে।
গঙ্গা ভাগীৰথী মাথত লৈ আহিছোঁ, ঐ ৰাম
লোৱাহি শিৰতে বাকি হে।
[ প্ৰস্থান ]
⸻
[ মনবৰ আৰু জুৰমন ঘুৰি আছে ]
| মনবৰ— | মনটো বৰ ভাল লাগিছে পাই। |
| জুৰমন— | নেলাগিবনে? প্ৰভা আইদেউৰ, সাঁচি নিজৰ গৃহস্থৰ জীয়েকৰ বিয়া, এইটোনো কম ৰঙৰ কথানে? মোৰো কি কৰো কি নকৰো লাগিছে। |
| মন— | তোৰো ভাল লাগিছে, মোৰো ভাল লাগিছে। আহ তেনে কাম এটা কৰো। |
| জুৰ— | কি কৰিবি? |
| মন— | দে পাক এটা, মই নাম ধৰো। |
| জুৰ— | হওতে যেনেকুৱা ৰং লাগিছে, পাক এটানো কি কথা। দিওনে? |
| মন— | দে, দে। মই নাম ধৰিছো, ধৰ তই। |
[ মনবৰে চাপৰি বজাই ৰজাই যোজোনা আৰু নাম দিয়ে; জুৰমনে নাচে ]
—নাম—
মইনাৰ বাতৰি নেপাও ভালে কৰি
ভাটীত বেহাবলৈ গৈ,
চৰাই হলোহেঁতেন উৰি গলোহেঁতেন
মাজত বাৰিষাৰ নৈ॥