এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৃশ্য—নৈৰ ঘাট।
[ ভিতৰৰ পৰা “জলভৰি যশোদা, পিচলৈ নেচাবা” নামৰ জাত শুনি—মনবৰ আৰু জুৰমনৰ প্ৰবেশ। ]
| মনবৰ— | ( নামৰ শব্দ অহাৰ বিপৰীত ফালে চাই) হে'ৰ দুলীয়া, দোলা ঠিক কৰ, দোলা ঠিক কৰ। আইদেউসকল আহিছে। |
| জুৰমন— | হে’ৰ, আইদেউৰ দোলাখন অলপ এহেলৈ থ। আগতে পানীডোঙা দেখা নাইনে? পানী খচকি যাবনে আইদেৱে! হোহোকা। |
[ নাম গাই গাই কাঞ্চনমতী, মধুমতী, চন্দ্ৰাৱতী আৰু লিগিৰীহঁত সোমাই আহে। কাঞ্চন, মধু আৰু চন্দ্ৰাৰ হাতত পানী তোলা টেকেলি—এজনী লিগিৰীৰ হাতত এটা দুণৰি; তায়ে সকলোৰে আগ। নাম গাই গাই সকলোৰে বিপৰীত ফালে প্ৰস্থান। মনবৰ আৰু জুৰমনো লগতে যায় কিন্তু পাচত ঘূৰি আহে। ]
—নাম—
জলভৰি যশোদা পিচলৈ নেচাবা, ঐ ৰাম,
সাগৰো আহিব ভাগি হে।
জলে এৰি দিয়া জলে নাৰায়ণী, ঐ ৰাম,
তীৰতো নপৰা ৰাখি হে।
পাঞ্চ বৰণীয়া পাচোট টেকেলি, ঐ ৰাম,
শিলা বৰণীয়া পানীহে।
ৰত্নৰে কলসি বসনে মলচি, ঐ ৰাম,
অঞ্চলে লৈ যাবা ঢাকি হে।