এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় অঙ্ক।
১ম দৃশ্য—ফুলনি।
[ আসনত প্ৰভাৱতী, মধুমতী আৰু চন্দ্ৰাৱতী। ]
—লিগিৰীৰ নৃত্য-গীত—
কুসুমে অলিয়ে কিনো কথা পাতে
কোনেনো বুজিব পাৰে,
আহিলে কলীয়া নেমাতে কুসুমে
মুখতে কথাটি হৰে।
পাতৰ আঁৰতে লাজুকী কুসুমী
আহিছে বুলিয়ে থাকে ঘামি জামি,
গালৰ মুকুতা লাজতে নিজৰি
দুবৰি বনতে সৰে।
ভোমোৰা কোঁৱৰে, সন্ধিয়া আহিলে,
থাকিবা বুলি কৈ মেলানি মাগিলে,
লাজুকী বাউলী, দেহাৰ পোৰণি
মলয়া আহিহে মাৰে।
⸻
[ গীত চলি থাকোতেই মধুমতীয়ে প্ৰভা আৰু চন্দ্ৰাক কাণে কাণে কিবা কয়; সকলোৱে হাঁহে ]
| মধু— | ( গীতৰ শেষত প্ৰভাক) সখী, মই কোৱা কথাটো এতিয়া কৰোঁ দেই। |