এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰজাপতি ]
[ ২য় অ। ৫ম দৃ
৩৪
| লাহে— | নহ'ব মিতিৰ। |
| মনে— | ময়ো নোৱাৰিম মিতিৰ। |
| লাহে— | তেনেহলে মিতিৰ গুণা ছিগিবইনে ইমানতে? |
| মনে— | ছিগিবলৈ দিব নোৱাৰি মিতিৰ। ভাবা—–ভাবা, এতিয়া কি কৰিব পাৰি ভাবা। |
| দুয়ো— | ( অলপ পৰ ভাবি ) পাইছো মিতিৰ, পাইছো পাইছো। এ-কে- দি-না-ই। |
| মনে— | হয়, একে দিনাই মিতিৰ। |
| লাহে— | ঠিক কথা মিতিৰ, একে দিনাই দুইখন বিয়া, দুইৰো। |
| মনে— | এইবাৰ কথা গজগজীয়া মিতিৰ। |
| লাহ― | হয় মিতিৰ, গজগজীয়া। |
—গীত—
| মনে— | মিতিৰ তোমাৰে লেখীয়া নাই। |
| লাহে— | মিতিৰ তোমাৰো লেখীয়া নাই। |
| দুয়ো— | আমাৰে লেখীয়া নাই নাই মিতিৰ ঐ, আমাৰে লেখীয়া নাই। |
| মনে— | তুমি সৈয়া কনি। |
| লাহে— | তুমিনো কম কেনি? |
| মনে— | ৰাম, সাত ঘাটৰ চেঙেলী তুমি। |
| লাহে— | বোলাঁ সাত ঘাটৰ চেঙেলী আমি। |
| দুয়ো— | সাত ঘাটৰ চেঙেলী আমি দুয়ো ঐ, আমাৰে লেখীয়া নাই। |
—: অঙ্ক সমাপ্ত :—