প্ৰজাপতি ]
[ ২য় অ। ৫ম দৃ
৩৩
| লাহে—
|
কি ক’বা মিতিৰ, কিবা বস্তু এটা পাহৰি আহিলো, এতিয়াহে মনত পৰিছে। তুমিও দেখোন ঘুৰিলা?
|
| মনে—
|
যি জোৰা মানুহ লগ পাবলৈ আহিছো, তেওঁ আজি ঘৰত নেথাকে। আহিবলৈকে হাক দিছিলে আজি; মোৰ আকৌ আদ্বাট আহিহে মনত পৰিছে। ঘুৰি যাওগৈ এতিয়া।
|
[ দুয়ো দুইৰো ফালে অলপ পৰ চাই থাকে ]
| লাহে―
|
(ৰৈ) তুমি মোক পতিওৱা নাই মিতিৰ।
|
| মনে—
|
তুমি জানো মোক পতিয়াইছা মিতিৰ।
|
| লাহে—
|
কথাৰ যেতিয়া পাক এইটো, এটা কাম কৰো মিতিৰ, আমি এইকিদিন একেলগে থাকো।
|
| মনে—
|
এৰা ভাল কথা কৈছা। তেনে তোমালোক দুয়ো আমাৰ তালৈকে আহাগৈ, আজিয়েই।
|
| লাহে—
|
নহয় মিতিৰ, তোমালোকহে আমাৰ তালৈ আহাগৈ।
|
| মনে—
|
( ভাবি ) তেনে আমাৰ দুই ঘৰৰ সো-মাজতে এটা ঘৰ লওঁ।
|
| মনে—
|
তুমিও উঠি আহা আৰু ময়ো আহে৷ তালৈকে। বিয়া এখন হৈ গ'লে দুয়ো ঘৰাঘৰি যাম নিজ নিজ তিৰোতা লৈ।
|
| লাহে―
|
( আনন্দেৰে ) নিগুটি কথা কৈছা মিতিৰ, নিগুটি কথা কৈছা; মই তাত ৰাজী আছো। কিন্তু এটা কথা মিতিৰ, মোৰ বিয়াখন হ'লে আগেয়ে হ'ব লাগিব।
|
| মনে—
|
কি কৈছা মিতিৰ, মোৰ বিয়াখনহে আগতে পাতিম বুলি ভাবিছো মই!
|