সমললৈ যাওক

পৃষ্ঠা:প্ৰজাপতি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰজাপতি ]
[ ২য় অ। ৫ম দৃ
৩২
কিবা ঘটিবলৈ হ'লে মই আৰু জীয়াই থাকিমনে? যাওঁ, নিজেই এবাব বুজ-বাজ লৈ আহোঁগৈ। এইবোৰ কথাত এনেকৈ নিতাল মাৰি থকা ভাল নহয়।

[ বিপৰীত ফালৰ পৰা মনেশ্বৰৰ প্ৰবেশ ]

মনেশ্বৰ— মিতিৰ দেখোন, কোন ফালেবা গমন?
লাহে— ( মনতে ) নকওঁ আচল কথা; (ফুটাই ) মইনে মিতিৰ, এফালৰ পৰা আহিব লগীয়া আছে। তুমি কোনফালে যাবা?
মনে— ( মনতে) কলৈ আৰু, তোমাৰ তালৈ। সেই বুলি আচল কথা নকওঁ। (ফুটাই) মোৰো এইফালে এজোৰা মানুহক লগ পাব লগীয়া আছে, তালৈকেহে আহিছোঁ।
লাহে— ভাল তেনে, যাবাঁ মিতিৰ। ময়ো যাওঁ, পলমহে হৈছে।
মনে— ভাল বাৰু, যোবাঁ মিতিৰ। ময়ো যাওঁ, তেহে সোনকালে ঘুৰিব পাৰিম। যাবাঁ এতিয়া। (লাহেশ্বৰ যাওঁ নেযাওঁকৈ যায়।) মিতাৰ দেখোন যোৱাৰ ছেওটো কেনেবা; ইফালে কথাও দেখোন চেঁচা চেঁচা! কি কৰিব খুইছে; মোক এই টাঙোন মাৰেইনেকি? বাৰু, যোৱা যেন দেখুৱাই সৌখিনিতে আঁৰ লৈ চাওচোন মিতিৰে কি কৰে। (যায়।)

[ অলপ পাচত লাহেশ্বৰ ঘূৰি আহি মনেশ্বৰ যোৱা ফালে ডিঙি মেলি চায় পাচত ]

লাহে— মিতিৰে ঢাকি ঢাকি কথা কোৱা যেন লাগিল। কথাবোৰো শীতল যেন পালোঁ। মোক বধিব খুইছেনেকি?

কি কৰো এতিয়া মই? যায়েইনে ওভতোৱেই? (ভাবে)

[ মনেশ্বৰ ঘূৰি আহে]

মনে— মিতিৰ, দেখোন উভতি আহিলা?