এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰজাপতি ]
[ ২য় অ। ৫ম দৃ
৩২
| কিবা ঘটিবলৈ হ'লে মই আৰু জীয়াই থাকিমনে? যাওঁ, নিজেই এবাব বুজ-বাজ লৈ আহোঁগৈ। এইবোৰ কথাত এনেকৈ নিতাল মাৰি থকা ভাল নহয়। |
[ বিপৰীত ফালৰ পৰা মনেশ্বৰৰ প্ৰবেশ ]
| মনেশ্বৰ— | মিতিৰ দেখোন, কোন ফালেবা গমন? |
| লাহে— | ( মনতে ) নকওঁ আচল কথা; (ফুটাই ) মইনে মিতিৰ, এফালৰ পৰা আহিব লগীয়া আছে। তুমি কোনফালে যাবা? |
| মনে— | ( মনতে) কলৈ আৰু, তোমাৰ তালৈ। সেই বুলি আচল কথা নকওঁ। (ফুটাই) মোৰো এইফালে এজোৰা মানুহক লগ পাব লগীয়া আছে, তালৈকেহে আহিছোঁ। |
| লাহে— | ভাল তেনে, যাবাঁ মিতিৰ। ময়ো যাওঁ, পলমহে হৈছে। |
| মনে— | ভাল বাৰু, যোবাঁ মিতিৰ। ময়ো যাওঁ, তেহে সোনকালে ঘুৰিব পাৰিম। যাবাঁ এতিয়া। (লাহেশ্বৰ যাওঁ নেযাওঁকৈ যায়।) মিতাৰ দেখোন যোৱাৰ ছেওটো কেনেবা; ইফালে কথাও দেখোন চেঁচা চেঁচা! কি কৰিব খুইছে; মোক এই টাঙোন মাৰেইনেকি? বাৰু, যোৱা যেন দেখুৱাই সৌখিনিতে আঁৰ লৈ চাওচোন মিতিৰে কি কৰে। (যায়।) |
[ অলপ পাচত লাহেশ্বৰ ঘূৰি আহি মনেশ্বৰ যোৱা ফালে ডিঙি মেলি চায় পাচত ]
| লাহে— | মিতিৰে ঢাকি ঢাকি কথা কোৱা যেন লাগিল। কথাবোৰো শীতল যেন পালোঁ। মোক বধিব খুইছেনেকি?
কি কৰো এতিয়া মই? যায়েইনে ওভতোৱেই? (ভাবে) |
[ মনেশ্বৰ ঘূৰি আহে]
| মনে— | মিতিৰ, দেখোন উভতি আহিলা? |