এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰজাপতি ]
[ ২য় অ। ৪ৰ্থ দৃ
৩১
—গীত—
প্ৰণমো প্ৰণমো দেৱ নাম বপুধৰ।
পীত-বসন-ধাৰী দেৱ দামোদৰ॥
সুবেশ মনোহৰ দিবা কলেবৰ
বনবালা শোভিত চিৰ লীলা কৰ,
বাঞ্ছা কল্পতক মূৰুতি মোহন চাৰু
সিদ্ধি-মুকুতি দাতা আদি জ্যোতিধৰ॥
ভব ভয় তাৰণ শোক তাপ হাৰণ
ত্ৰিভূবন পাৱন পুৰুষ সুন্দৰ,
ভক্ত হৃদয়-গত জ্ঞান বহিৰ্ভূত
অনাদি নিৰঞ্জন পৰম ঈশ্বৰ॥
⸻
| প্ৰভা— | ( গীতৰ শেষত পূজাৰীক ) আমি এতিয়া বিদায়হে কৰিলোঁ। |
[ সকলোৱে আকৌ সেৱা কৰে ]
| পূজাৰী— | ভাল আই। ঈশ্বৰে মনৰ কামনা পূৰ্ণ কৰক। |
[ সকলোবে প্ৰস্থান ]
—:পট:—
৫ম দৃশ্য—গাঁৱলীয়া বাট।
[ লাহেশ্বৰৰ প্ৰবেশ। ]
| লাহেশ্বৰ— | সেইদিনাৰ পৰা মিতিৰ দেখোন আহিবলৈকে এৰিলে। অইন কোনোবা ফালে চাইছেনেকি আকৌ? তেনে এটা |