৩য় দৃশ্য—লক্ষেশ্বৰৰ ঘৰৰ বাৰাণ্ডা।
[ ৰেৱতীয়ে ঠাই সাৰি সাৰি নাম গাই সোমাই আহে। ]
—নাম—
| ৰেৱতী—
|
আই নাৰধীয়ে ভাত নেৰান্ধিলে
চাউল পৰলীয়া বুলিহে তুলাপাত, বৰ আইটী ওলাই মাত।
চালনী জোকাৰি মাছৰ মূৰ নেপালে
যাগৈ থুপৰী গুচিহে তুলাপাত, বৰ আইটী ওলাই মাত।
|
| (ৰৈ )
|
আজলী গৰুৰে কাজলী পোৱালী
গালে কাটি কৰি পিয়েহে তুলাপাত, বৰ আইটী ওলাই মাত।
আম পাৰি দিয়া ছাগলী শিঙীয়া
কঠাল পাৰি দিয়া খাওঁহে তুলাপাত, বৰ আইটা ওলাই মাত।
|
| মোলোকা—
|
বোলো এই ছাট সেই ছাট, ভাল বিহু লাগিছে গাত।
|
| ৰেৱতী—
|
ভেঙুচালি কৰা বন্দী পাবি মোক চিনি।
|
| মোলোকা—
|
দোষ হ'ল “খোমা” দিয়া খালৰ গোসাঁনী।
|
| মোলোকা—
|
আম কঠাল দিম পাৰি।
|
| ৰেৱতী—
|
মান ধৰো আহ তেনে নগাৰ মেঠোন,
|
| মোলোকা—
|
মিছাতে কৰিছ খং হে'ৰ কেচা সোণ।
|