এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰজাপতি ]
[ ২য় অ। ২য় দৃ
২৬
| মনে— | হয় আছো এক ৰকমে। মিতা, ময়ো সুধিব খুজিয়েই পাহৰিলো, তোমালোকৰো ভালনে? |
| লাহে— | আছো ভালে মিতা। (ৰৈ) এটা কথা সোধো মিতা, তোমাৰ ভনীয়েৰাক মাতা কি বুলি? |
| মনে— | তাইৰ নাও লাহৰী। তোমাৰ ভনীয়েৰাৰ একা? |
| লাহে— | লাহৰী, লাহৰী ও? আমাৰ জনীৰ নাম মানিকী। |
| মনে— | মানিকী নে? মানিকী বুলিলা হবলা? মানিকী? |
| লাহে— | এৰা।
[ মানিকী আহি বহিবলৈ কঠ এটা পাৰি দিয়ে ] |
| মানিকী— | (লাহৰীক) আহাঁ তুমি ভিতৰলৈকে, আমি তাতে বহোগৈ।
[ মানিকী আৰু লাহৰী যায়। মনেশ্বৰ আৰু লাহেশ্বৰে ঠৰ লাগি সিহঁত যোৱা চাই থাকি অলপ পাচত— ] |
| লাহে— | মিতা, বহাঁ, থিয়হৈ আছা কেলৈ? |
| মনে— | বহোঁ মিতা, তুমি বহালৈহে বাট চাইছিলো। |
| লাহে— | ময়ো আকৌ তোমালৈহে ৰৈ আছো। |
| মনে— | আহা তেনে, দুয়ো একেলগে বহো। (দুয়ো বহে ) |
| লাহে— | পিচে মিতা, কি মন কৰিনো আহিলা এত দিনৰ মূৰত? এটা কথা, ভনীয়েৰাৰ কিবা বিয়া-বাৰুৰ দিহা কৰিছানে? দিবৰ হ'ল যেন দেখিছো। |
| মনে— | একো দিহা কৰা নাই মিতা। পিচে, তোমাৰ ভনীয়েৰাজনীকো দেখোন তাইৰ সমান যেনেই দেখিছো। দিয়া মেলাৰ কিবা ঠিক-ঠিকনা কৰিছানে তুমিও? |
| লাহে— | নাই কৰা মিতা। (ৰৈ) পিচে, তোমাৰ নিজৰ কিবা দিহা হৈছেগৈনে? |