সমললৈ যাওক

পৃষ্ঠা:প্ৰজাপতি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰজাপতি ]
[ ২য় অ। ২য় দৃ
২৬
মনে— হয় আছো এক ৰকমে। মিতা, ময়ো সুধিব খুজিয়েই পাহৰিলো, তোমালোকৰো ভালনে?
লাহে— আছো ভালে মিতা। (ৰৈ) এটা কথা সোধো মিতা, তোমাৰ ভনীয়েৰাক মাতা কি বুলি?
মনে— তাইৰ নাও লাহৰী। তোমাৰ ভনীয়েৰাৰ একা?
লাহে— লাহৰী, লাহৰী ও? আমাৰ জনীৰ নাম মানিকী।
মনে— মানিকী নে? মানিকী বুলিলা হবলা? মানিকী?
লাহে— এৰা।

 [ মানিকী আহি বহিবলৈ কঠ এটা পাৰি দিয়ে ]

মানিকী— (লাহৰীক) আহাঁ তুমি ভিতৰলৈকে, আমি তাতে বহোগৈ।

 [ মানিকী আৰু লাহৰী যায়। মনেশ্বৰ আৰু লাহেশ্বৰে ঠৰ লাগি সিহঁত যোৱা চাই থাকি অলপ পাচত— ]

লাহে— মিতা, বহাঁ, থিয়হৈ আছা কেলৈ?
মনে— বহোঁ মিতা, তুমি বহালৈহে বাট চাইছিলো।
লাহে— ময়ো আকৌ তোমালৈহে ৰৈ আছো।
মনে— আহা তেনে, দুয়ো একেলগে বহো। (দুয়ো বহে )
লাহে— পিচে মিতা, কি মন কৰিনো আহিলা এত দিনৰ মূৰত? এটা কথা, ভনীয়েৰাৰ কিবা বিয়া-বাৰুৰ দিহা কৰিছানে? দিবৰ হ'ল যেন দেখিছো।
মনে— একো দিহা কৰা নাই মিতা। পিচে, তোমাৰ ভনীয়েৰাজনীকো দেখোন তাইৰ সমান যেনেই দেখিছো। দিয়া মেলাৰ কিবা ঠিক-ঠিকনা কৰিছানে তুমিও?
লাহে— নাই কৰা মিতা। (ৰৈ) পিচে, তোমাৰ নিজৰ কিবা দিহা হৈছেগৈনে?