এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রজাপতি ]
[ ১ম অ। ৪র্থ দৃ
১৭
| জুৰ— | বুজিছো, এতিয়াহে কথাবোৰ তেনেই ফটফটীয়াকৈ বুজিছো। (ৰৈ) পিচে, এওঁ সদাগৰে কি ক'লে? আইদেউক পুতেকলৈ বিয়া কৰাবনে? |
| মন— | বৰটো বুজিলা তেনে! হে'ৰ, এনেকৈ সোধ-পোচ কৰিছে, এনেকৈ ধন-বিট দিছে, ইমানতো বুজিব নোৱাৰিলিনে কটা নেজ নোহোৱা চাৰি-ঠেঙীয়া? |
| জুৰ— | মইনো কেনেকৈ ক'ম! সদাগৰে মোক কিবা কৈছেনে? |
| মন— | শুন তেনে ময়ে কওঁ, সদাগৰে তোমাক কোৱালৈ আৰু ৰ’ব নেলাগে। কৰাব, বিয়া কৰাব। |
| জুৰ— | ( আনন্দত ) কৰাবনে? হে'ৰ কি কৱ? মোৰ দেখোন বৰ ৰহইচ লাগিছে, পাক এটাকে দিওনেকি? |
| মন— | ধৰ তেনে। মোৰো কমটো ৰং লাগিছে বুলি ভাবিছনে? ধৰ, ময়ো ধৰো। |
—নাম—
চ'তে গৈয়ে গৈয়ে বহাগে সোমালে
ফুলিলে ভেবেলি লতা,
বিধিয়ে কপালত দুখকে লিখিলে
নুগুচে মনৰে বেথা॥
চৰাই মনোমতী মনকে মুহিলে
কোটোহা বেঙেনাৰ তলত,
কিনো মুহিনীয়ে মোৰে মন মুহিলে
থাকিব নোৱাৰো ঘৰত॥