৪ৰ্থ দৃশ্য-বাট।
[ মনবৰ আৰু জুৰমনৰ প্ৰবেশ। ]
| জুৰ—
|
দেখা নাইনে তই? তাতো দেখোন সদাগৰ দেউতাই মৰম-চেনেহ কৰি আই অ' বোপাই অ' বুলি পঠিয়াইছে। আকৌ ইয়াতো দেখোন এইজন সদাগৰে, গাখীৰে-গুড়ে, ঘিৱে-মৌৱে উঠিব নোৱাৰাকৈ খুৱালে। তাৰ উপৰিও আকৌ আহিবৰ বেলিকা গাইপতি দহটকা দহটকাকৈ চিকা ৰূপ দি পঠয়াইছে। মই একো টলকিব পৰা নাই।
|
| মন—
|
হেৰৌ অঁকৰা, বুজা নাইনে তই?
|
| জুৰ—
|
সচাই কৈছো! বুজিলেনো আৰু সোধোনে? মোৰ দেখোন এতিয়া ভয় ভয় লাগিছেগৈ। শুনিছো বোলে ৰজা মহা-ৰজাসকলে মানুহক পিং-বড়শীত দিবলৈ হলে, আগতে এনেকৈ মৰম-চেনেহ আদৰ সাদৰ কৰি লয়। কচোন হেৰ, আমাকো তেনেকুৱা কিবা কৰিবনেকি?
|
| মন—
|
তয়ো আৰু ভাল মানুহটো! হেৰ সচাকৈয়ে গম পোৱা নাইনে? তই জান বুলিহে মই আকৌ উলিউৱা নাই।
|
| জুৰ—
|
তোৰে শপত, মই একো ক'ব নোৱাৰো। কচোন হেৰ কিনো কথাটো?
|
| মন—
|
শুন তেনে অঁকৰা। আমাৰ প্ৰভা আইদেউক ইয়াৰ সদাগৰ দেউতাৰ পুতেকলৈ বিয়া দিব খুজিছে। পো-ৰ বোৱাৰী পাব বুলিহে ৰঙত ইয়াৰ সদাগৰে ইমান আলহ-দুলহ কৰিছে। তই কথাটো বুজা নাইনে গাধ?
|