সমললৈ যাওক

পৃষ্ঠা:প্ৰজাপতি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রজাপতি ]
[ ১ম অ। ৩য় দৃ
১৪
ৰসিক— তেন্তে ওলোৱাঁ তুমি। তুমিও ওলোৱাঁ, ময়ো ওলাওঁ, লগত এশ ছকুৰি মানুহ লওঁ, ধৰি আনোগৈ।
ধনে— ( হাঁহি ) ৰ'বা, ৰ'বাচোন। মোৰে সৈতে তেওঁৰ বৰ ভাল ভাব আছে। এষাৰ কলেই বা এটা বাতৰি দিলেই হ'ব; ধৰি আনিবলৈ যাব নেলাগে।
ৰসিক— সোপাকে মাটি কৰিলা তুমি!

[ জুৰাইৰ লগতে মনবৰ আৰু জুৰমন সোমাই আহে। মনবৰে এখন শৰাইত চিঠি এখন ধনেশ্বৰৰ আগলৈ আগবঢ়াই দিয়ে।]

মনবৰ— সদাগৰ দেউতা, আমাৰ সদাগৰ ডাঙ্গৰীয়াই এই পত্ৰখনি আপোনাসৱলৈ আনিবলৈ আমাক আজ্ঞা কৰিছিলে।
ধনে— ( চিঠি পঢ়ি ) হে'ৰ জুৰাই, এওঁলোকক ভিতৰলৈ লৈ যা, জা-জলপান খুৱাগৈ। ( মনবৰহঁতক ) তোমালোকে বাৰু জিৰোৱা-শতোৱাগৈ। মই তেখেত সদাগৰলৈ তোমালোকৰ হাততে ইয়াৰ উত্তৰ দিম।
মনবৰ— ভাল দেউতা। (জুৰায়ে মনবৰ আৰু জুৰমনক লৈ যায়।

ধনেশ্বৰে চিঠিখন ৰসিকচন্দ্ৰক দিয়ে এনেতে সুৰকণ্ঠ আহে ]

ধনে— ( হাঁহি ) তুমি ঠিক সময়তে আহিছা। লক্ষেশ্বৰ সদাগৰে ৰত্নলৈ তেওঁৰ জীয়েকক যাঁচিছে—সেইখন চিঠি।
সুৰকণ্ঠ— হয়নে? বৰ ভাল কথা, বৰ সন্তোষ পালো।
ৰসিক— সন্তোষ পালে নহয়—গীত গোৱাঁ, গীত গোৱা। মোৰো বৰ আনন্দ লাগিছে। —গোৱাঁ।
ধনে— হয়, গোৱাচোন গীত এটা।
ৰসিক— কেলৈ এটা গাব! এশ গাব, এহেজাৰ গাব। সাতদিন সাতৰাতি তুমি ইয়াতে বহি বহি গীত গাই থাকা—দিনে