প্রজাপতি ]
[ ১ম অ। ৩য় দৃ
১৪
| ৰসিক—
|
তেন্তে ওলোৱাঁ তুমি। তুমিও ওলোৱাঁ, ময়ো ওলাওঁ, লগত এশ ছকুৰি মানুহ লওঁ, ধৰি আনোগৈ।
|
| ধনে—
|
( হাঁহি ) ৰ'বা, ৰ'বাচোন। মোৰে সৈতে তেওঁৰ বৰ ভাল ভাব আছে। এষাৰ কলেই বা এটা বাতৰি দিলেই হ'ব; ধৰি আনিবলৈ যাব নেলাগে।
|
| ৰসিক—
|
সোপাকে মাটি কৰিলা তুমি!
|
[ জুৰাইৰ লগতে মনবৰ আৰু জুৰমন সোমাই আহে। মনবৰে এখন শৰাইত চিঠি এখন ধনেশ্বৰৰ আগলৈ আগবঢ়াই দিয়ে।]
| মনবৰ—
|
সদাগৰ দেউতা, আমাৰ সদাগৰ ডাঙ্গৰীয়াই এই পত্ৰখনি আপোনাসৱলৈ আনিবলৈ আমাক আজ্ঞা কৰিছিলে।
|
| ধনে—
|
( চিঠি পঢ়ি ) হে'ৰ জুৰাই, এওঁলোকক ভিতৰলৈ লৈ যা, জা-জলপান খুৱাগৈ। ( মনবৰহঁতক ) তোমালোকে বাৰু জিৰোৱা-শতোৱাগৈ। মই তেখেত সদাগৰলৈ তোমালোকৰ হাততে ইয়াৰ উত্তৰ দিম।
|
| মনবৰ—
|
ভাল দেউতা। (জুৰায়ে মনবৰ আৰু জুৰমনক লৈ যায়।
ধনেশ্বৰে চিঠিখন ৰসিকচন্দ্ৰক দিয়ে এনেতে সুৰকণ্ঠ আহে ]
|
| ধনে—
|
( হাঁহি ) তুমি ঠিক সময়তে আহিছা। লক্ষেশ্বৰ সদাগৰে ৰত্নলৈ তেওঁৰ জীয়েকক যাঁচিছে—সেইখন চিঠি।
|
| সুৰকণ্ঠ—
|
হয়নে? বৰ ভাল কথা, বৰ সন্তোষ পালো।
|
| ৰসিক—
|
সন্তোষ পালে নহয়—গীত গোৱাঁ, গীত গোৱা। মোৰো বৰ আনন্দ লাগিছে। —গোৱাঁ।
|
| ধনে—
|
হয়, গোৱাচোন গীত এটা।
|
| ৰসিক—
|
কেলৈ এটা গাব! এশ গাব, এহেজাৰ গাব। সাতদিন সাতৰাতি তুমি ইয়াতে বহি বহি গীত গাই থাকা—দিনে
|