এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রজাপতি ]
[ ১ম অ। ১ম দৃ
৬
সঙ্গীতৰ আয়োজন কৰাছোঁ এতিয়া। |
| কাঞ্চন— | লিগিৰীহঁতেই গাওক এতিয়া। ( ভিতৰলৈ) হে'ৰ তহঁত এইফালে আহহঁক; ভাল চাই গীত এটা গাহি। |
[ লিগিৰীহঁতৰ প্ৰবেশ আৰু নৃত্য-গীত ]
— গীত —
কানুৰে মোহন বেনু,
যমুনা বায়ুতে আছে উৰি উৰি
ৰিণিকি ৰিণিকি শুনো।
নেজানো বাঁহীয়ে কিনো মায়া কৰে
তৰু লতা বনে নাচে সুৰে সুৰে
যমুনা-লহৰি উঠে বাৰে বাৰে
তোমাৰে বাঁহীতে কানু।
আজিৰে সন্ধিয়া শুনাহে কলীয়া
নেলাগে বজাব বেনু হিয়া নিয়া
ৰাধিকাৰে মন বাঁহীতে বলিয়া,
তোমাৰে ভাবতে কানু।
—:পট:—