সমললৈ যাওক

পৃষ্ঠা:প্ৰচণ্ড.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নেপালৰ ৰাজনীতিৰ নতুন অভিকেন্দ্ৰ হিচাপে চিহ্নিত হৈছিল প্রচণ্ড নামৰ মাওবাদী নেতাজন। কেৱল নেপালৰ ৰাজনীতিয়েই নহয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো বিশেষ চৰ্চা লাভ কৰা প্ৰচণ্ডৰ জীৱন সংগ্ৰাম, ‘জনযুদ্ধ’ আৰু মাওবাদী বিদ্ৰোহৰ ধাৰাভাষ্য এই গ্ৰন্থৰ আধাৰ। এই গ্ৰন্থৰ প্ৰণেতা অনির্বাণ ৰয় এগৰাকী প্ৰসিদ্ধ সাংবাদিক। পেছাগত কাৰণত সুদীর্ঘ সময় নেপালত থকাৰ সুবাদতে তেওঁ নেপালৰ ৰাজনৈতিক আৱহাৱাৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে। তদুপৰি সাধাৰণ মানুহৰ প্ৰচণ্ডৰ প্ৰতি থকা ধাৰণাৰো তেওঁ উমান পাইছিল। প্রচণ্ড চৰিত্ৰৰ বিশেষত্ব আৰু তেওঁৰ ব্যক্তিত্বৰ মূল্যায়নতো সেইবাবে তেওঁ দক্ষতা দেখুৱাইছে। এই গুৰুত্বপূৰ্ণ গ্ৰন্থখনৰ অনুবাদক মহেশ ডেকাও পেছাত এগৰাকী সাংবাদিক। ডেকাৰ কষ্টসাধ্য অনুবাদ কাৰ্যই গ্ৰন্থখনৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিছে।