পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লেখকৰ চমু পৰিচয়

 প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য এম.এ., বি.টি., গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। কৃতী শিক্ষক হোৱাৰ উপৰি প্ৰয়াত বৈশ্য একেধাৰে এজন সুসাহিত্যিক, কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, প্ৰবন্ধকাৰ আৰু সৰ্ব্বোপৰি এজন নীৰৱ সমাজ সংস্কাৰক আছিল। তেওঁৰ ভালেমান প্ৰবন্ধ, গীত, কবিতা আদি অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাইছিল৷ তেখেতে লিখি থৈ যোৱা ভালেমান প্ৰবন্ধ, গীত আদি বৰ্ত্তমানেও নানা আলোচনী আদিত প্ৰকাশ হৈ আহিছে। বহুতো পাঠ্যপুথি, দেশপ্ৰেমমূলক কবিতা পুথি, কাব্য, গ্ৰন্থ আদি প্ৰকাশ কৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ যোৱা বৈশ্যৰ ভালেমান বহুমূলীয়া গ্ৰন্থ এতিয়াও অপ্ৰকাশিত হৈ আছে৷

 সঙ্গীতৰ প্ৰতি থকা প্ৰবল শ্ৰদ্ধা আৰু আন্তৰিকতাৰ বাবেই নৱম শ্ৰেণীত পঢ়ি থাকোতেই নলবাৰীৰ সঙ্গীত বিদ্যালয় ‘গীতাশ্ৰী’ত নাম ভৰ্ত্তি কৰি গুৰুদেৱ চৈয়দ জমিৰুদ্দিন আহমেদৰ ওচৰত সঙ্গীত শিক্ষাৰ আৰম্ভণি কৰিছিল। পৰৱৰ্ত্তী সময়ত লক্ষৌৰ ভাটখাণ্ডে সঙ্গীত বিদ্যালয়ৰ পৰা সঙ্গীতৰ উপাধি লৈছিল আৰু মৃত্যু পৰ্যন্ত সঙ্গীত সাধনা কৰি গৈছিল।

 প্ৰায় এশটাৰো অধিক গীত ৰচনা কৰি সুৰ দিয়া বৈশ্যৰ কেইবাটাও গীত আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু গণ মাধ্যম যোগে প্ৰচাৰিত হৈছে।