পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্যেষ্ঠ কবি, বিশিষ্ট সাহিত্যিক
শ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱৰ অভিমত

 সঙ্গীতৰ ৰস উপভোগ কৰোঁ যদিও তাৰ ব্যাকৰণৰ জ্ঞান মোৰ নাই। তথাপি শ্ৰীযুত উমেশ বৈশ্যই, তেওঁ ৰচনা কৰা আৰু সুৰ দিয়া গানৰ সংকলনটো হাতেলিখা অৱস্থাতে মোক চাবলৈ দিছে আৰু চাই-চিতি দুআষাৰ আগকথা লিখি দিবলৈ অনুৰোধ কৰিছে। এই কাম জটিল হ’লেও, মূৰ পাতি লোৱাৰ কাৰণ হ’ল শ্ৰী বৈশ্যৰ সঙ্গীত চৰ্চাৰ প্ৰতি থকা আন্তৰিকতা। তেওঁ অৰ্থ, খ্যাতি বিচৰা নাই; নীৰৱে তেওঁ তেওঁৰ কাম কৰি আছে। আজিৰ প্ৰতিযোগিতাৰ যুগত, সঙ্গীতৰ জগত গঢ়ি তোলাৰ বাবে যি নীৰৱ ধ্যানৰ প্ৰয়োজন, তাৰ আজি শোচনীয় অভাৱ হৈছে। মানুহ এতিয়া অৱক্ষয়ত পোত খাইছে। ইয়াৰ কাৰণ ৰাষ্ট্ৰীয় আৰু সামাজিক বিপৰ্যয়। সাহিত্য-সঙ্গীতত ইয়াৰ প্ৰভাৱ পৰিছে। অসমীয়া আধুনিক গীতত, বিশেষকৈ গণ-সঙ্গীতবোৰত এই বিপৰ্যয়ৰ ইঙ্গিত ফুটি উঠিছে। ৰাগ-সঙ্গীতত এই প্ৰভাৱ সুস্পষ্ট নহ’লেও, কোনো ব্যক্তিগত শিল্পীৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম নিশ্চয় ঘটিছে। সেই কথা বিজ্ঞসকলে নিশ্চয় জানিব। সাম্প্ৰতিক কালৰ আধুনিক অসমীয়া গীত বুলিলে যিটো ধাৰাক বুজায়, তাত এটা পেনপেনীয়া বিষাদৰ সুৰেই অধিক। তাত জীৱনৰ গভীৰ অনুভূতি বা উপলব্ধিৰ প্ৰকাশ ক্ষীণ। আনহাতে দেশ-প্ৰেমমূলক গীতবোৰৰ সাৰ্থকভাৱে প্ৰাণ প্ৰতিষ্ঠা হয় বুলিও কোৱা টান। কেৱল তাল, লয়েই হয়তো যথেষ্ট নহয়, ছন্দ আৰু সুৰৰ প্ৰতি নিবিষ্টতাও সঙ্গীতত অপৰিহাৰ্য্য। এনে নিবিষ্টতাইহে সঙ্গীতক অনন্য চৰিত্ৰ দান কৰে৷ অৱশ্যে ভাব, ৰাগ, তালৰ লগতে ভাষাৰ প্ৰশ্নটোও জড়িত হৈ থাকে। অতিশয় শব্দাড়ম্বৰ কৰাতকৈ, সহজ, সাৱলীল আৰু ব্যঞ্জনাপূৰ্ণ ভাষাই সঙ্গীতক শ্ৰোতাৰ আনন্দ আৰু উদ্দীপনাৰ কাৰণ কৰি তোলে। সম্ভৱতঃ শ্ৰোতাৰ এই আনন্দই সঙ্গীতৰ অন্তিম লক্ষ্য। সুৰ, ভাব আৰু ভাষাৰ আৱিষ্কাৰৰ বাবে নিৰ্ম্মোহ সাধনাইহে অসমীয়া সঙ্গীতক শিখৰলৈ লৈ যাব পাৰিব।

 শ্ৰীযুত বৈশ্যৰ “প্ৰগতিৰ গান” নামৰ স্বৰচিত গীতৰ সংকলনটি পঢ়ি এইবোৰ কথা মোৰ মনলৈ আহিছে। এইবোৰ কথাত কাৰোবাৰ দ্বিমত নিশ্চয় থাকিব, কিন্তু ব্যক্তিগতভাবে মই এনেকৈয়ে ভাবোঁ। বৈশ্যৰ গানবোৰত বৰ্ত্তমান অসমৰ পৰিস্থিতিৰ সুৰীয়া প্ৰতিধ্বনি আছে; অন্যায়ৰ সমালোচনা আছে। সেইবুলি তেওঁৰ ক’তো উগ্ৰতা

নাই। তেওঁৰ দৃষ্টিৰ আলিবাটে অসমৰ সীমা অতিক্ৰম কৰিছে। উগ্ৰতা তেওঁৰ স্বভাৱ-

[৬৬]