পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ প্ৰগতিৰ গান॥
 

(৪৭)

হে শ্বহীদ,
 তোমাৰ চৰণ তলে
 সমবেত হলোঁ আমি
 অকিঞ্চন সাহিত্য পূজাৰী;
 তোমাৰ স্মৃতিত আমাৰ
 বিদীৰ্ণ হৃদয়
 তপত চকুলো আজি
 পৰিছে বাগৰি।
 মুকুতি যুঁজত ৰঙাফুল হৈ
 চুমিলা মাতৃভূমি,
 তোমালৈ আমাৰ সহস্ৰ প্ৰণাম।
 লোৱা হে শ্বহীদ তুমি।

 
  • লিখকৰ কৰ্ম্মৰত বিদ্যালয়ৰ ’শ্বহীদ তৰ্পন’ উপলক্ষে ৰচিত।
    [৬৩]