এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ প্ৰগতিৰ গান॥
(৪১)
কলুষ কালিমা ধুই নিকা কৰি
সুন্দৰ পূজাৰী দল,
আহা আগুৱাই জনমন্দিৰে
পূজাৰ বেলি যে হ’ল॥
০ ০ ০
সুন্দৰৰে স্ৰষ্টা তুমি শিল্পী খনিকৰ
নোহোৱা কিয় স্ৰষ্টাতুৰ
সুন্দৰ সমাজৰ।
(আজি) দেখিছোঁ তোমাৰ সৃষ্টিৰ মাজত
লক্ষ্যহীনতা,
ধনৰ মায়াত নিজক বেচাৰ
বিফল ব্যস্ততা,
তাৰেই বাবে শেষ হ’ল আজি
সমাজ সুন্দৰতা॥
০ ০ ০
হোৱা শিল্পী পৃষ্ঠপোষক সুন্দৰ সমাজৰ
কৰা সঞ্চয় শিল্পী তুমি ভীষ্মৰ মনোবল।
ই যে অন্যায়; ঘোৰ অন্যায়
দায়িত্বশীল ব্যক্তিৰ, এই যে মহা অন্যায়
এনে অন্যায়শীল কৰ্ম এৰি,
ক্ষুদ্ৰ মনৰ স্বৰূপ এৰি,
বিশাল মনৰ পৰিধিৰে
সত্য ৰূপত জিলিকি উঠা
শিল্পী শতদল।
জ্ঞানৰ আলোত সমাজ হওঁক
সুন্দৰ সুবিমল॥
⸻
[৫৬]