পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ প্ৰগতিৰ গান॥
 

০ ০ ০



আজি আমি এই দিনতে
কিনো কথা শুনিছোঁ
অসম আকৌ ন-কৈ সজাৰ
নতুন সপোন দেখিছোঁ
নিজে মৰিও দেশ ৰাখিবলৈ।
ভীষ্মৰে পণ কৰিছোঁ
অসম মৰিলে আমিও মৰিম
এই কথাটি সকিয়ালোঁ।
প্ৰতি অসমীয়াক দেশ চিনিবলৈ
সাদৰ আহ্বান জনালোঁ
ৰসৰাজৰ ৰসতে আজি
গগণ পৱন মুখৰ হ’ল॥*

 
  • বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰচিত আৰু কাৱালী সুৰত পৰিবেশিত।
[৫০]