পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ প্ৰগতিৰ গান॥
 

(৩২)

পুৰণি কলীয়া বিহুৰে অমিয়া
আজি যে পাবলৈ নাই
অতিকৈ চেনেহৰ বিহুৰে ৰূপটি
হেৰালে মঞ্চ পাই৷
নিজিলিকে দেখোন গাভৰু খোপাতে
কপৌ ফুলৰে পাহি
নানা বৰণীয়া কাগজৰে ফুল
পিন্ধে নাচনীয়ে আজি।
চেনাইৰে কপালত জিলিকি নুঠে ঐ
চেনেহীৰে বিহুৱান
বজাৰৰ বিহুৱান কপালত বান্ধি লৈ
মাৰে হুঁচৰিৰে তান।
বিহুৱা দিনতো অসমীৰ চোতালত
উদুলি মুদুলি নাই
কুলি কেতেকী চৰাই চিৰিকতি
কাৰো যেন সঁহাৰি নাই।
দূৰ পশ্চিমৰে বলীয়া বতাহে
কঁপালে সমাজখনি
জাবৰে-জোথৰে ভৰি পৰিলেহি
আমাৰে মজিয়াখনি।
সাৰি পুচি যদি নিদিয়া উলিয়াই
লেতেৰা এলান্ধু মলি
মাজ মজিয়াতে বাহ সাজিবহি
নিগনি এন্দুৰে আহি৷
ৰজা প্ৰজা মিলি আহা আগেবাঢ়ি
আমাৰে বিহুটি যায়
বাপতিসাহোন বিহু ৰাখিবলৈ
জাগা অসমীয়া ভাই॥

[৪৫]