এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ প্ৰগতিৰ গান॥
(২৪)
কৃষক বনুৱা মোৰ দিয়াচোন মন
এতিয়াও কিয় নিদ্ৰামগন?॥
০ ০ ০
আমাৰ শ্ৰম দেখো ঘাম হৈ সৰে
বুকুৰ তেজ দেখোঁ পানী হৈ পৰে
তথাপি নুগুচে ভোক আমাৰ পেটৰ
কৰোঁ মাথো সংগ্ৰাম জীৱন মৰণ॥
০ ০ ০
সৌ চোৱা জিলিকে বিলাস ভৱন
তিল তিল তিল কৰি ৰক্তশোষণ
তোমাৰ দেহৰ আমাৰ দেহৰ
সহস্ৰ বনুৱাৰ কোমল দেহৰ
কিয় বাৰু বুজা নাই ক্ষুধাৰ্ত্ত জনতা
এতিয়াও কিয় হোৱা নাই সচেতন?॥
০ ০ ০
আমি জ্বালামুখী
আগ্নেয়গিৰি
আমাৰ বুকুত নাচে শোষক শ্ৰেণী
যদি আমি জাগি উঠোঁ জাগ্ৰত জ্বালামুখী
লেলিহান অগ্নিশিখা
ছাই হৈ উফৰিব অত্যাচাৰী দল
আঁতৰি পলাব ঘোৰ অমানিশা
হ’ব শেষ শোষণ পীড়ণ
আমি ল’ম নতুন জীৱন॥*
⸺
- সুৰাৰোপিত আৰু প্ৰচাৰিত
[৩৭]