পৃষ্ঠা:প্ৰগতিৰ গান.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥প্ৰগতিৰ গান॥
 

(১৬)

দিন অকলে মই খোজ কাঢ়ি ওলালোঁ
সমাজৰ ৰূপ চাওঁ বুলি,
ঘূৰি ঘূৰি দেখিলোঁ সমাজ বুকুত
বীভৎস লেতেৰা মলি॥

০ ০ ০


মলিৰে বুকুতে বিজ বিজ কৰিছে
লেখিব নোৱাৰা পোক,
লেউ লেউ কৰিছে ৰক্ত বিচাৰি
বৰ বৰ পখৰা জোক,
বহু জোক দেখিলোঁ তেজ শুহি উঠি
আমেজত পৰিছে ঢলি॥

০ ০ ০


নিৰীক্ষণ কৰিলোঁ ক’তো নেদেখিলোঁ
শোষণ নিধন বেজালি
ভেটাৰ বুকুতে উদবোৰহে দেখিলোঁ
মাছ ধৰি কৰা ধেমালি॥

০ ০ ০


সমাজৰ ৰূপ চাই উভতি আহিলোঁ মই
দেখা পালোঁ সমাজৰ গতি
তাকেই প্ৰগতি বুলি জয়ঢোল বাজিছে
হাঁহি উঠে কথাটি ভাবি,
ৰজা-প্ৰজা আদি সকলোৱে দিলে
নৈতিকতাক বলি॥

[২৮]