পৃষ্ঠা:প্ৰগতিৰ গান.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশিকাৰ ক’বলগীয়া

 আৰ্থিক দৈন্যতা আৰু শাৰিৰীক অসুস্থতাত ভূগিও দেশ মুক্তিৰ বাবে সত্তৰ দশকৰ পৰা আৰম্ভ কৰি নব্বৈ দশকলৈ এই বিস্তৰ সময়ছোৱাৰ ভিতৰত লিখি সন্নিৱিষ্ট কৰি যোৱা বৈশ্যদেৱৰ “প্ৰগতিৰ গান” আজি প্ৰায় দুটা দশক ধৰি পেৰাৰ চুকতে পৰি আছিল। পাণ্ডুলিপিৰ পাত লুটিয়াই দেখিলোঁ “প্ৰগতিৰ গান” পুথি আকাৰত সজাই-পৰাই উলিয়াই দিবলৈ লেখকে একো বাকী এৰা নাছিল। জীৱিত কালতে হয়তো ইয়াক ছপা ৰূপত চোৱাৰ হেঁপাহেৰে নিজ হাতে পাণ্ডুলিপিটো প্ৰস্তুত কৰি লৈছিল। কিন্তু এই আশা মুখ্যতঃ আৰ্থিক দিশত স্বচ্ছল নোহোৱাৰ বাবে তেওঁ পূৰ্ণ কৰিব নোৱাৰিলে।

 শিল্পী গৰাকীৰ ত্যাগ, সাধনা, দূৰদৰ্শিতা আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু বৰ্ত্তমানেও এনেধৰণৰ গীতৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰি মই পুথিখনি প্ৰকাশৰ দায়িত্ব ললোঁ। এই সন্দৰ্ভত মই বিভিন্ন গুণীজনৰ ওচৰত দিহা-পৰামৰ্শ বিচাৰিও উপকৃত হৈছো। পুথিখনিৰ ওপৰত অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি ক্ৰমে ড° হীৰেন গোহাঁই আৰু শ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱে আগবঢ়োৱা অভিমতকো মই শ্ৰদ্ধাৰে কৃতজ্ঞতা জনাইছোঁ। শেহতীয়াভাৱে ’সুগন্ধি পখিলা’ৰ কবি তথা বিশিষ্ট গীতিকাৰ শ্ৰীযুত হীৰেন ভট্টাচাৰ্যদেৱে পুথিখনিৰ প্ৰতি আগবঢ়োৱা দিহা-পৰামৰ্শৰ বাবে তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।

 অতি আগ্ৰহেৰে পুথিখনিৰ বেটুপাতটি অঙ্কন কৰি দিয়াৰ বাবে শ্ৰীযুত প্যাৰী মোহন ডেকাৰ মই শলাগ লৈছো। অমৰজ্যোতি প্ৰিন্টাৰ্ছৰ সমূহ কৰ্ম্মকৰ্ত্তালৈ পুথিখনি সময়মতে ছপা কৰি উলিয়াই দিয়াৰ বাবে মোৰ কৃতজ্ঞতা আগবঢ়ালোঁ। পুথিখনি ছপাশালত দিয়াৰে পৰা উলিয়াই অনালৈকে সমস্ত দায়িত্ব আৰু কষ্ট মূৰ পাতি লোৱা মোৰ ডাঙৰ মাজু পুত্ৰ শ্ৰীমান শেখৰজ্যোতি বৈশ্য, পুথিখনি প্ৰকাশৰ যাৱতীয় সকলো খৰচ বহন কৰা জ্যেষ্ঠ পুত্ৰ শ্ৰীমান জীৱনজ্যোতি বৈশ্য আৰু আৰ্হি কাকত চোৱাত সহায় কৰি দিয়া সৰু মাজু পুত্ৰ অৰুণজ্যোতি, কনিষ্ঠ পুত্ৰ দীপজ্যোতি আৰু ডাঙৰ বোৱাৰী শ্ৰীমতী শুভ্ৰা বৈশ্যলৈ আশীৰ্ব্বাদসহ মোৰ হিয়াভৰা মৰম যাচিলোঁ। সদৌ শেষত মোৰ এই প্ৰচেষ্টাক আদৰি লোৱা সকলো ব্যক্তিলৈ মোৰ কৃতজ্ঞতা আগবঢ়ালোঁ।

 আশা ৰাখিছোঁ পঢ়ুৱৈ সমাজত পুথিখনিয়ে সমাদৰ পালে লেখকৰ কষ্ট সাৰ্থক হ’ব।

“উমেশ ভৱন”
বিৰুবাৰী, গুৱাহাটী-১৬

  ৰিণা বৈশ্য