এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় অঙ্ক]
২৯
পোহনীয়া কুকুৰ
| ( কোনোবাই দুৱাৰত খুন্দিয়ায় আৰু “দুৱাৰ মেলা,”
“দুৱাৰ মেলা”কৈ চিঞৰে। ) |
| ভোলা।— | সৰ্বনাশ! সেই মদাহীটোৱেই হ'ব পায়। মই
ক’লৈ যাওঁ? |
| ( দুৱাৰত বেচিকৈ খুন্দিয়ায়।) |
| কি কৰিম! কেনি যাম! |
| সাবিত্ৰী। — | মেজৰ তলত সোমোৱা।
(ভোলা মেজৰ তলত সোমায়, সাবিত্ৰীয়ে মেজ ঢকা কাপোৰখন সন্মুখৰ ফালে বেচিকৈ টানি দিয়ে। তাৰ পাচত দুৱাৰখন মেলি দিয়ে আৰু আনন্দ সোমাই আহে। ) |
| সাবিত্ৰী। – | ( আগভেটি থিয়হৈ ) ইমান তৎ-গুৰি নোহোৱা
হৈছে কিয়? |
| আনন্দ। — | সেইটো মোৰ স্বভাৱৰ দোষ। লাহে-ধীৰে কাম
কৰা মোৰ অভ্যাস নাই। |
| সাবিত্ৰী।- | তুমি কালিলৈহে আহিম বুলিছিলা। |
| আনন্দ। | বোলাত তো বুলিছিলোঁ; পিচে ভৰি দুটাই দেখোন
আজিয়েই লৈ আহিল। সিহঁত বৰ উদণ্ড, মোৰ কথা শুনিবকে নোখোজে। |
| সাবিত্ৰী। | মই তো আজিয়েই তোমাৰ কথাৰ উত্তৰ দিব
নোৱাৰিম। |
| আনন্দ।— | নোৱৰা নাই। সেই বুলি বহা বুলি ক'ব ও
নোৱাৰানে? |