সমললৈ যাওক

পৃষ্ঠা:পোহনীয়া কুকুৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় অঙ্ক]
২৯
পোহনীয়া কুকুৰ


( কোনোবাই দুৱাৰত খুন্দিয়ায় আৰু “দুৱাৰ মেলা,”

“দুৱাৰ মেলা”কৈ চিঞৰে। )

ভোলা।— সৰ্বনাশ! সেই মদাহীটোৱেই হ'ব পায়। ম‍ই

ক’লৈ যাওঁ?

( দুৱাৰত বেচিকৈ খুন্দিয়ায়।)
কি কৰিম! কেনি যাম!
সাবিত্ৰী। — মেজৰ তলত সোমোৱা।

(ভোলা মেজৰ তলত সোমায়, সাবিত্ৰীয়ে মেজ ঢকা কাপোৰখন সন্মুখৰ ফালে বেচিকৈ টানি দিয়ে। তাৰ পাচত দুৱাৰখন মেলি দিয়ে আৰু আনন্দ সোমাই আহে। )

সাবিত্ৰী। – ( আগভেটি থিয়হৈ ) ইমান তৎ-গুৰি নোহোৱা

হৈছে কিয়?

আনন্দ। — সেইটো মোৰ স্বভাৱৰ দোষ। লাহে-ধীৰে কাম

কৰা মোৰ অভ্যাস নাই।

সাবিত্ৰী।- তুমি কালিলৈহে আহিম বুলিছিলা।
আনন্দ। বোলাত তো বুলিছিলোঁ; পিচে ভৰি দুটাই দেখোন

আজিয়েই লৈ আহিল। সিহঁত বৰ উদণ্ড, মোৰ কথা শুনিবকে নোখোজে।

সাবিত্ৰী। মই তো আজিয়েই তোমাৰ কথাৰ উত্তৰ দিব

নোৱাৰিম।

আনন্দ।— নোৱৰা নাই। সেই বুলি বহা বুলি ক'ব ও

নোৱাৰানে?